20/08/2026
মানুহৰ নিষ্ঠুৰতাৰ বলি এটি অসহায় জীৱ ‼️
দেখাত পোহনীয়া যেন লগা এই অসহায় জীৱটোক কোনোবা নৰাধমে কঁকালত মাৰি কঁকাল ভাঙি Mangaldai ইছলামপুৰৰ দলঙৰ তলৰ নদীত পেলাই থৈ গ’ল। দুদিন ধৰি বাৰিষা ৰ ভৰা নদীৰ পানী ত কক্বকাই জীৱন-মৃত্যুৰ সৈতে যুঁজি থকাৰ পিছত আজি ৰাতি ১০:৩০ বজা ত অৱশেষত তাক উদ্ধাৰ কৰা হৈছে। 😢
অহাকালিৰ পৰা তাৰ চিকিৎসা আৰম্ভ কৰা হ’ব।
এটা নিৰ্বাক জীৱৰ ওপৰত এনে নিষ্ঠুৰতা কিয়? সিহঁতে নিজৰ যন্ত্ৰণা ক’ব নোৱাৰে বুলিয়েই নেকি আমি ইমান নিষ্ঠুৰ হৈ পৰিছোঁ?
এতিয়া তাৰ প্ৰয়োজন মৰম, চিকিৎসা আৰু আপোনালোকৰ সহায়। 🙏🐾❤️
তাক সুস্থ কৰি তুলিবলৈ আমি আমাৰ সাধ্য অনুসৰি সকলো চেষ্টা কৰিম।